কেঁচুৱা আৰু সৰু শিশুৰ ক্ষেত্ৰত ৰোটাভাইৰাছ ৰোগ আটাইতকৈ সচৰাচৰ হয়। ৰোটাভাইৰাছে 3-5 বছৰ বয়সৰ ভিতৰত প্ৰায় প্ৰতিটো শিশুক সংক্ৰমিত কৰে আৰু বিশ্বব্যাপী 5 বছৰৰ তলৰ শিশুৰ গুৰুত্বৰ, ডিহাইড্ৰেটিং ডায়েৰিয়াৰ মুখ্য কাৰণ।
You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.
Agree Agree Agree Stayৰোটাভাইৰাছ টিকাকৰণ(ভেকছিনেশ্বন) হৈছে আপোনাৰ সন্তানক ৰোটা ভাইৰেল ডায়েৰিয়াৰ পৰা সুৰক্ষিত কৰাৰ এক আটাইতকৈ কাৰ্যকৰী উপায়।
যদি আপোনাৰ নিৰ্ধাৰিত সময়ত এই টিকাকৰণ(ভেকছিনেশ্বন)ৰ পালিটো বাদ পৰে, আপুনি কেচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পাৰে।
• ৰোটাভাইৰাছ ডায়েৰিয়া টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক।
• ৰোটাভাইৰাছ হৈছে এক ভাইৰাছ যি তীব্ৰ ডায়েৰিয়া আৰু বমি সৃষ্টি কৰে। ই বেছিভাগ কেঁচুৱা আৰু সৰু শিশুক প্ৰভাৱিত কৰে। ডায়েৰিয়া আৰু বমিৰ ফলত গুৰুত্বৰ ডিহাইড্ৰেচন হ'ব পাৰে (শৰীৰৰ তৰল হ্ৰাস)। যদি ডিহাইড্ৰেচনৰ চিকিৎসা কৰা নহয়, ই মাৰাত্মক হ'ব পাৰে। ই সমগ্ৰ বিশ্বতে 5 বছৰৰ তলৰ প্ৰতিটো শিশুক সংক্ৰমিত কৰে।
ভাইৰাছটো সহজে মুখৰে বিয়পিব পাৰে আৰু দূষিত মলৰ সংস্পৰ্শলৈ (শৌচ) অহাৰ জৰিয়তে বিয়পে। এইয়া হ'ব পাৰে যদিহে:
• আপুনি আপোনাৰ মুখত অপৰিষ্কাৰ হাত ৰাখে
• দূষিত বস্তু বা পৃষ্ঠ স্পৰ্শ কৰি আপোনাৰ আঙুলিবোৰ যদি আপোনাৰ মুখলৈ আনে
• বা দূষিত খাদ্য খোৱা
সংক্ৰমিত ব্যক্তিৰ মল আৰু বমিত অতি উচ্চ ঘনত্বত ৰোটাভাইৰাছ কেইবাদিনো বাঁহ লৈ থাকিব পাৰে। মানুহে ৰোটাভাইৰাছ আটাইতকৈ বেছি সংক্ৰমিত কৰে, আৰু লক্ষণবোৰ ওলোৱাৰ সময়চোৱাত আৰু আৰোগ্য হোৱাৰ প্ৰথম 3 দিনৰ ভিতৰত আনক সংক্ৰমিত কৰাৰ সম্ভাৱনা অধিক। ৰোটাভাইৰাছ থকা লোকসকলে লক্ষণ থকাৰ আগতে আনকো সংক্ৰমিত কৰিব পাৰে।
ৰোটাভাইৰাছ ৰোগ সাধাৰণতে দ্ৰুততাৰে (প্ৰায় 2 দিনৰ ভিতৰত) হয়, যাৰ বিশেষত্ব হৈছে 3ৰ পৰা 8 দিনৰ বাবে বমি আৰু পানীযুক্ত ডায়েৰিয়া।
ৰোটাভাইৰাছ ৰোগৰ লক্ষণবোৰ পৃথক হয়, ঢিলা শৌচৰ পৰা তীব্ৰ ডায়েৰিয়া আৰু বমিলৈকে, যাৰ ফলত ডিহাইড্ৰেচন, ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা, আৰু শ্বকৰ ফলত মৃত্যু হয়।
জ্বৰ, পেটৰ বিষ, আৰু ভোক নোহোৱাও হ'ব পাৰে।
এচিভিআইপি (আইএপি)ৰ মতে, ৰোটাভাইৰেল ডায়েৰিয়াৰ টিকাকৰণ(ভেকছিনেশ্বন) ছয় সপ্তাহৰ পৰা আৰম্ভ হ'ব লাগে।
টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।
অৱশ্যে, অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক। ৰোটাভাইৰাছ টিকাকৰণ(ভেকছিনেশ্বন)ৰ সৈতে সম্পৰ্কিত সাধাৰণ পাৰ্শ্বক্ৰিয়াবোৰ কি? পাৰ্শ্বক্ৰিয়াবোৰ অস্বাভাৱিক, সাধাৰণতে মৃদু, আৰু ইয়াত অন্তৰ্ভুক্ত থাকিব পাৰে উচ্ছৃংখলতা, বমি আৰু ডায়েৰিয়া।
পাৰ্শ্বক্ৰিয়াবোৰ অস্বাভাৱিক, সাধাৰণতে মৃদু, আৰু ইয়াত অন্তৰ্ভুক্ত থাকিব পাৰে উচ্ছৃংখলতা, বমি আৰু ডায়েৰিয়া।
ৰোটাভাইৰাছ টিকাকৰণ(ভেকছিনেশ্বন)ৰ প্ৰথম বা দ্বিতীয় পালিৰ এসপ্তাহৰ ভিতৰত ইণ্টুচুচেপচন (এক প্ৰকাৰৰ অন্ত্ৰ অৱৰোধ)ৰ কেইটামান ঘটনা ঘটিছে।
পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক।
কেঁচুৱা আৰু সৰু শিশুৰ ক্ষেত্ৰত ৰোটাভাইৰাছ ৰোগ আটাইতকৈ সচৰাচৰ হয়। ৰোটাভাইৰাছে 3-5 বছৰ বয়সৰ ভিতৰত প্ৰায় প্ৰতিটো শিশুক সংক্ৰমিত কৰে আৰু বিশ্বব্যাপী 5 বছৰৰ তলৰ শিশুৰ গুৰুত্বৰ, ডিহাইড্ৰেটিং ডায়েৰিয়াৰ মুখ্য কাৰণ।
হয়, ৰোটাভাইৰাছ ডায়েৰিয়া আন প্ৰকাৰৰ ডায়েৰিয়াতকৈ পৃথক। কেঁচুৱাটো জ্বৰ, বমি আৰু তীব্ৰ ডায়েৰিয়াত ভুগিব পাৰে। ডায়েৰিয়া দিনত 15 বাৰতকৈ অধিক হ'ব পাৰে আৰু 9 দিনলৈকে অব্যাহত থাকিব পাৰে। ইয়াৰ ফলত গুৰুত্বৰ ডিহাইড্ৰেচন হয় যাৰ বাবে প্ৰায়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয়।
আকলন অনুসৰি, ৰোটাভাইৰাছ ডায়েৰিয়াৰ ফলত ভাৰতত বছৰি 8.7 লাখ চিকিৎসালয়ত ভৰ্তি হয়। অৰ্থাৎ প্ৰতি 31 জনশিশুৰ ভিতৰত 1 জন ৰোটাভাইৰাছৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা থাকে। জীৱনৰ প্ৰথম বছৰটো হৈছে ভাৰতৰ শিশুসকলৰ মাজত সৰ্বাধিক বিপদাশংকাৰ সময়।
হয়। উন্নত পৰিচ্ছন্নতা আৰু অনাময়ৰ দ্বাৰাও ৰোটাভাইৰাছ ডায়েৰিয়াৰ পৰা হাত সাৰিব নোৱাৰি, কিয়নো ৰোটাভাইৰাছ হৈছে এক কঠিন ভাইৰাছ। ই কেইবাদিনো বস্তুৰ ওপৰত জীয়াই থাকিব পাৰে। কেৱল হাত ধোৱা আৰু বীজাণুনাশকেৰে পৰিষ্কাৰ কৰি ৰোটাভাইৰাছ প্ৰতিৰোধ কৰাটো অতি কঠিন।
ৰোটাভাইৰাছ ডায়েৰিয়া থকা শিশুৰ ক্ষেত্ৰত বমি অধিক সচৰাচৰ হয় যাৰ ফলত মৌখিক ৰিহাইড্ৰেচন কঠিন হৈ পৰে। ইয়াৰ পিছত তীব্ৰ পানীযুক্ত ডায়েৰিয়া হয়। সেয়েহে, কেঁচুৱাবোৰে বহুতো শৰীৰৰ তৰল হেৰুৱায় যিখিনি জৰুৰীভাৱে ব্যৱস্থা ল’ব লাগে, প্ৰায়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয়।
ৰোটাভাইৰাছ ডায়েৰিয়া ব্যৱস্থাপনাৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।
হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে ভাল পৰিচ্ছন্নতা গুৰুত্বপূৰ্ণ, কিন্তু ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত নহয়। ৰোটাভাইৰাছ টিকাকৰণ(ভেকছিনেশ্বন) হৈছে আপোনাৰ সন্তানক ৰোটাভাইৰাছ ৰোগৰ পৰা সুৰক্ষিত কৰাৰ এক উপায়। ৰোটাভাইৰাছ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।
ডায়েৰিয়া বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ ফলত হ'ব পাৰে। অৱশ্যে, ৰোটাভাইৰাছ হৈছে গুৰুত্বৰ ডিহাইড্ৰেটিং ডায়েৰিয়াৰ এক সচৰাচৰ কাৰণ যাৰ ফলত চিকিৎসালয়ত ভৰ্তি হ'ব লগা হ’ব পাৰে। ৰোটাভাইৰাছৰ বিৰুদ্ধে টিকাকৰণে আপোনাৰ শিশুক কেৱল ৰোটাভাইৰাছৰ দ্বাৰা হোৱা এই গুৰুত্বৰ প্ৰকাৰৰ ডিহাইড্ৰেটিং ডায়েৰিয়া আৰু সম্পৰ্কিত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰা সুৰক্ষিত কৰে।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ড0 এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।
এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।