You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.

Agree Agree Agree Stay

পলিঅ' বা পলিঅ'মাইলাইটিছ হৈছে এক সংক্ৰামক ভাইৰেল ৰোগ যাৰ ফলত পক্ষাঘাত হ'ব পাৰে, স্থায়ী বিকলাঙ্গতা আৰু আনকি মৃত্যুও হ'ব পাৰে। পলিঅ' টিকাকৰণ(ভেকছিনেশ্বন) হৈছে ৰোগটোৰ পৰা সুৰক্ষা দিয়াৰ এক কাৰ্যকৰী উপায়।

যদি আপোনাৰ টিকাকৰণ(ভেকছিনেশ্বন)টো বাদ পৰে তেন্তে আপুনি কি কৰা উচিত?
কেটচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)

যদি আপোনাৰ নিৰ্ধাৰিত সময়ত এই টিকাকৰণ(ভেকছিনেশ্বন)ৰ পালিটো বাদ পৰে, আপুনি কেচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পাৰে।

আপুনি জানেনে?

  • 1988 চনৰ পৰা বন্য পলিঅ' ভাইৰাছৰ ঘটনা 99% হ্ৰাস পাইছে, যি তেতিয়া আনুমানিক 3,50,000 ৰোগীৰ পৰা 2019 চনত 175 টা প্ৰতিবেদিত ঘটনালৈ হ্ৰাস পাইছে।

পলম নকৰিব!

পলিঅ' টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক।

পলিঅ' কি?

পলিঅ'মাইলাইটিছ, পলিঅ' ভাইৰাছৰ দ্বাৰা হোৱা এক ৰোগ, যাক সাধাৰণতে পলিঅ' বুলি কোৱা হয়। ই মুখ্যতঃ শিশুক প্ৰভাৱিত কৰে আৰু ইয়াৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি, পক্ষাঘাত আৰু মৃত্যু হ'ব পাৰে। ইয়াৰ উপৰিও, জীৱিত সকল পোলিঅ'ৰ পিছৰ লক্ষণৰ দ্বাৰাও প্ৰভাৱিত হয়। সংক্ৰমণৰ প্ৰায় 15 ৰ পৰা 40 বছৰ পিছত তেওঁলোকে পেশীৰ বিষ, দুৰ্বলতা আৰু পক্ষাঘাত অনুভৱ কৰে।

পলিঅ' কেনেদৰে সংক্ৰমিত হয়?

পলিঅ' ভাইৰাছ অত্যন্ত সংক্ৰামক আৰু সেয়েহে, ব্যক্তিৰ পৰা আন জনলৈ সহজে বিয়পিব পাৰে। ই নিম্নলিখিত ধৰণে বিয়পে:

যদি আপুনি সংক্ৰমিত ব্যক্তি এজনৰ মলৰ সংস্পৰ্শলৈ আহে

সংক্ৰমিত ব্যক্তি এজনৰ হাঁচি বা কাহৰ পৰা টোপাল

সংক্ৰমিত ব্যক্তি এজনে আনকি লক্ষণবোৰ দেখা দিয়াৰ আগতে বা 2 সপ্তাহলৈকে ভাইৰাছটো আনলৈ বিয়পাই দিব পাৰে। লক্ষণহীন লোকসকলে পলিঅ' ভাইৰাছও দিব পাৰে।

পলিঅ' লক্ষণ আৰু জটিলতা

পলিঅ' ভাইৰাছৰ দ্বাৰা সংক্ৰমিত সকলোৱে লক্ষণবোৰ প্ৰদৰ্শন নকৰে। অৱশ্যে, প্ৰতি চাৰিজন সংক্ৰমিত লোকৰ ভিতৰত প্ৰায় 1 জনে ফ্লুত আক্ৰান্ত কাৰোবাৰ লক্ষণৰ দৰে লক্ষণ দেখুৱাব। এইবোৰৰ ভিতৰত আছে:

• ডিঙিৰ বিষ

• জ্বৰ

• পেটৰ বিষ

• ক্লান্তি

• ওকালি অহা

• মুৰৰ বিষ

এইবোৰ মৃদু লক্ষণ আৰু সাধাৰণতে 2ৰ পৰা 5 দিনতকৈ বেছি নাথাকিব।

সংক্ৰমণৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি, কিছুমানে গুৰুত্বৰ লক্ষণ অনুভৱ কৰিব পাৰে যি মেৰুদণ্ড আৰু মগজুক প্ৰভাৱিত কৰে, যেনে:

সংক্ৰমণৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি, কিছুমানে গুৰুত্বৰ লক্ষণ অনুভৱ কৰিব পাৰে যি মেৰুদণ্ড আৰু মগজুক প্ৰভাৱিত কৰে, যেনে:

পেৰাস্থেচিয়া, যি হৈছে পিন আৰু বেজীৰ অনুভৱ বা হাত-ভৰি, বিশেষকৈ ভৰিৰ জঠৰতা। মেনিনজাইটিছ, যি হৈছে মস্তিষ্ক আৰু মেৰুদণ্ডৰ আৱৰণৰ প্ৰদাহ

পক্ষাঘাত হৈছে আটাইতকৈ গুৰুত্বৰ লক্ষণ যাৰ ফলত স্থায়ী বিকলাঙ্গতা আৰু মৃত্যু হ'ব পাৰে, যাৰ ফলত ই পলিঅ'ৰ সৈতে সম্পৰ্কিত আটাইতকৈ গুৰুত্বৰ লক্ষণ।

শিশুৱে কেতিয়া পলিঅ' টিকাকৰণ(ভেকছিনেশ্বন) প্ৰাপ্ত কৰা উচিত?

• জন্মৰ সময়ত শিশুক অৰেল পলিঅ' ভেকছিনৰ (অ'পিভি) প্ৰথম পালি দিয়া হয়। • অ'পিভিৰ জন্মপালিৰ পিছত, ইনজেক্টেবল ইনএক্টিভেটেড পলিঅ ভাইৰাছ (আই.পি.ভি.) থকা ভেকছিনবোৰ গুৰুত্বপূৰ্ণ আৰু 6 সপ্তাহৰ পৰা শিশু এটাৰ বাবে নিয়মীয়াকৈ পৰামৰ্শ দিয়া হয়। এই আই.পি.ভি. যুক্ত ভেকছিনবোৰ এক স্বতন্ত্ৰ বা মিশ্ৰণ হিচাপে উপলব্ধ। ইয়াৰ উপৰিও, সকলো অভিভাৱকক ৰাষ্ট্ৰীয় আৰু উপ-ৰাষ্ট্ৰীয় পালচ পলিঅ' দিনত তেওঁলোকৰ সন্তানে অ'পিভি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

• অৱশ্যে, অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

• পলিঅ' টিকাকৰণ(ভেকছিনেশ্বন)ৰ সৈতে সম্পৰ্কিত প্ৰতিকূল প্ৰভাৱ

• ভেকছিনসহ যিকোনো ঔষধৰ সৈতে, পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে। এইবোৰ সাধাৰণতে মৃদু হয় আৰু নিজে আঁতৰি যায়।

আই.পি.ভি. দিয়া স্থানত কিছু লোকৰ চেকো আৰু বেজী দিয়া স্থানৰ বিষ হৈছিল। আই.পি.ভি.-য়ে গুৰুত্বৰ সমস্যা সৃষ্টি কৰে বুলি জনা হোৱা নাই, আৰু বেছিভাগ লোকৰ ইয়াত কোনো সমস্যা নাই।

সঘনাই সোধা প্ৰশ্নসমূহ

পলিঅ'ৰ কোনো নিৰাময় আছে নেকি?-

• নহয়, পলিঅ'ৰ কোনো চিকিৎসা নাই। উপযুক্ত টিকাকৰণ(ভেকছিনেশ্বন)ৰ দ্বাৰা শিশুক টিকাকৰণ(ভেকছিনেশ্বন) কৰি পলিঅ' প্ৰতিৰোধ কৰিব পাৰি

গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ড0 এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।

এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।

আপোনাৰ সন্তানৰ সুৰক্ষাত সাম্ভাব্য ব্যৱধানবোৰ চিনাক্ত কৰক

আপোনাৰ সন্তানে টিকাকৰণ(ভেকছিনেইশ্বন) বাদ পৰিছে নেকি চাবলৈ ব্যক্তিগত সময়ৰেখা এটা সৃষ্টি কৰক*

এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক

2021(গ) গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেড। সকলো অধিকাৰ সংৰক্ষণ
গোপনীয়তা নীতি | কুকিজ নীতি | অস্বীকাৰ

অস্বীকাৰ:
এই ৱেবছাইটটো কেৱল ভাৰতৰ বাসিন্দাসকলৰ বাবে।
ইয়াত উল্লেখ কৰা ৰোগবোৰৰ তালিকা হৈছে আই.এ.পি.-ৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ তালিকাত থকা ৰোগবোৰ (ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স) সেইবোৰৰ নিয়মীয়া আৰু কেচআপ টিকাকৰণ(ভেকছিনেইশ্বন)ৰ পৰামৰ্শত। তালিকাৰ বাহিৰতো ৰোগ থাকিব পাৰে যিয়ে শিশুটোক প্ৰভাৱিত কৰিব পাৰে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত। এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা কোনোটোৱেও চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসাজনিত প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এইয়া এক পেছাদাৰী আৰ্হি।
CL কোড: NP-IN-ABX-WCNT-210003, DoP Dec 2021

শ্বেয়াৰ অন কৰক
Share
Vaccination Tracker