You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.

Agree Agree Agree Stay

হেপাটাইটিছ এ হৈছে হেপাটাইটিছ এ ভাইৰাছৰ ফলত হোৱা যকৃতৰ সংক্ৰমণ। ই অতি সংক্ৰামক আৰু দূষিত খাদ্য বা পানী খোৱাৰ জৰিয়তে বিয়পে।

হেপাটাইটিছ এ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে টিকাকৰণ(ভেকছিনেশ্বন) হৈছে আটাইতকৈ নিৰ্ভৰযোগ্য ব্যৱস্থা।

যদি আপোনাৰ টিকাকৰণ(ভেকছিনেশ্বন)টো বাদ পৰে তেন্তে আপুনি কি কৰা উচিত?
কেটচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)

যদি আপোনাৰ নিৰ্ধাৰিত সময়ত এই টিকাকৰণ(ভেকছিনেশ্বন)ৰ পালিটো বাদ পৰে, আপুনি কেচ-আপ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব পাৰে।

হেপাটাইটিছ এ কি?

হেপাটাইটিছ এ হৈছে এক অত্যন্ত সংক্ৰামক যকৃতৰ সংক্ৰমণ, যি হেপাটাইটিছ এ ভাইৰাছৰ ফলত হয়। ইয়াৰ তীব্ৰতা মৃদুৰ পৰা গুৰুত্বৰ ৰোগলৈকে হ'ব পাৰে যি কেইসপ্তাহমানৰ পৰা মাহলৈকে থাকিব পাৰে।

হেপাটাইটিছ এ কেনেদৰে সংক্ৰমিত হয়?

যেতিয়া কোনোবাই দূষিত খাদ্য আৰু পানী খায় তেতিয়া এই ৰোগ সাধাৰণতে শৌচ-মৌখিক পথৰ দ্বাৰা সংক্ৰমিত হয়।

হেপাটাইটিছ এ-ৰ লক্ষণবোৰ কি?

সংক্ৰমিত সকলোৰে লক্ষণ নাই। লক্ষণবোৰ (যদি বিকশিত হয়) সাধাৰণতে সংক্ৰমণৰ 2 ৰ পৰা 4 সপ্তাহৰ ভিতৰত দেখা দিব পাৰে।

লক্ষণবোৰত অন্তৰ্ভুক্ত থাকিব পাৰে, কিন্তু ইয়াতে সীমাবদ্ধ নহয়-

• জ্বৰ

• বমি

• ধূসৰ ৰঙৰ শৌচ

• ক্লান্তি

• পেটৰ বিষ

• গাঁঠিৰ বিষ

• ভোক নোহোৱা

• ওকালি অহা

• জণ্ডিচ

• ডাঠ প্ৰস্ৰাৱ

মনত ৰাখিব:

শিশুৰ তুলনাত, প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত ৰোগৰ তীব্ৰতা আৰু মাৰাত্মক ফলাফল অধিক হয়

শিশুৱে কেতিয়া হেপাটাইটিছ এ টিকাকৰণ(ভেকছিনেশ্বন) প্ৰাপ্ত কৰা উচিত?

শিশুৱে 12 মাহ বয়সৰ পৰা হেপাটাইটিছ এ টিকাকৰণ(ভেকছিনেশ্বন) গ্ৰহণ কৰিব পাৰে। বিভিন্ন হেপাটাইটিছ এ ভেকছিনৰ বিভিন্ন সময়সূচী থাকে।

হেপাটাইটিছ এ টিকাকৰণ(ভেকছিনেশ্বন)ৰ বিষয়ে তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

অৱশ্যে, অধিক তথ্যৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

হেপাটাইটিছ এ টিকাকৰণ(ভেকছিনেশ্বন)ৰ সৈতে সম্পৰ্কিত সচৰাচৰ পাৰ্শ্বক্ৰিয়াবোৰ কি?

হেপাটাইটিছ এ ভেকছিনবোৰ সাধাৰণতে ভালদৰে সহনীয় হয়। কিছুমান পাৰ্শ্বক্ৰিয়া যি অনুভৱ কৰিব পাৰে কিন্তু ইয়াতে সীমাবদ্ধ নহয়-

• জ্বৰ

• ৰঙা পৰা

• মুৰৰ বিষ

• ভোক হ্ৰাস

• সাধাৰণ বেয়া অনুভৱ

পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক

সঘনাই সোধা প্ৰশ্নসমূহ

কোন কোন এই বিপদাশংকাত পৰে?-

টিকাকৰণ(ভেকছিনেশ্বন) নকৰা বা আগতে সংক্ৰমিত নোহোৱা সকলোৱে হেপাটাইটিছ এ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে।

ভাৰতত হেপাটাইটিছ এ কিমান সচৰাচৰ হয়?-

হেপাটাইটিছ এ সমগ্ৰ বিশ্বতে পোৱা যায় আৰু ভাৰতত সচৰাচৰ দেখা যায়। পৰিচ্ছন্নতা আৰু অনাময়ৰ গুৰুত্বপূৰ্ণ উন্নতিৰ বাবে, কিছুমান শিশু কম বয়সতে সংক্ৰমিত নহয় আৰু পৰৱৰ্তী সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত নহয়। সেয়েহে, সংবেদনশীল কিশোৰ আৰু প্ৰাপ্তবয়স্কৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা থাকে। এই বয়সৰ লোকসকলৰ সংক্ৰমণ গুৰুত্বৰ হ'ব পাৰে, কাম আৰু অধ্যয়নৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। বয়সৰ সৈতে হেপাটাইটিছ এ-ৰ তীব্ৰতা বৃদ্ধি হয় আৰু কিছুমান ক্ষেত্ৰত তীব্ৰ যকৃত বিকল হোৱা বা মৃত্যুৰ দৰে জটিলতাৰ সৃষ্টি কৰিব পাৰে।

হেপাটাইটিছ এ-ৰ পৰা মোৰ সন্তানক কেনেদৰে সুৰক্ষিত কৰিব পাৰি?-

আপুনি নিম্নলিখিত উপায়েৰে আপোনাৰ সন্তানক হেপাটাইটিছ এ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব পাৰে:

পৰিষ্কাৰ পানী খাই আৰু ঘৰত আৰু আপোনাৰ চাৰিওফালে ভাল অনাময় ব্যৱস্থা বজাই ৰাখি।

গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ড0 এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।

এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।

আপোনাৰ সন্তানৰ সুৰক্ষাত সাম্ভাব্য ব্যৱধানবোৰ চিনাক্ত কৰক

আপোনাৰ সন্তানে টিকাকৰণ(ভেকছিনেইশ্বন) বাদ পৰিছে নেকি চাবলৈ ব্যক্তিগত সময়ৰেখা এটা সৃষ্টি কৰক*

এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক

2021(গ) গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেড। সকলো অধিকাৰ সংৰক্ষণ
গোপনীয়তা নীতি | কুকিজ নীতি | অস্বীকাৰ

অস্বীকাৰ:
এই ৱেবছাইটটো কেৱল ভাৰতৰ বাসিন্দাসকলৰ বাবে।
ইয়াত উল্লেখ কৰা ৰোগবোৰৰ তালিকা হৈছে আই.এ.পি.-ৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ তালিকাত থকা ৰোগবোৰ (ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স) সেইবোৰৰ নিয়মীয়া আৰু কেচআপ টিকাকৰণ(ভেকছিনেইশ্বন)ৰ পৰামৰ্শত। তালিকাৰ বাহিৰতো ৰোগ থাকিব পাৰে যিয়ে শিশুটোক প্ৰভাৱিত কৰিব পাৰে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত। এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা কোনোটোৱেও চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসাজনিত প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এইয়া এক পেছাদাৰী আৰ্হি।
CL কোড: NP-IN-ABX-WCNT-210003, DoP Dec 2021

শ্বেয়াৰ অন কৰক
Share
Vaccination Tracker