এইটো জন্মগত বিকাৰৰ মুখ্য কাৰণ যাক টিকাকৰণ(ভেকছিনেশ্বন)ৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত* ৰুবেলা ভ্ৰূণৰ মৃত্যু বা জন্মগত বিকাৰৰ কাৰণ হ'ব পাৰে।
যদি ৰুবেলা ভাইৰাছে টিকাকৰণ(ভেকছিনেশ্বন) নকৰা গৰ্ভৱতী মহিলা এগৰাকীক সংক্ৰমিত কৰে, গৰ্ভপাত হোৱাৰ সম্ভাৱনা আছে বা জন্মৰ ঠিক পিছতে তেওঁৰ কেঁচুৱাৰ মৃত্যু হ'ব পাৰে।
তাই ভাইৰাছটো তাইৰ বিকাশশীল কেঁচুৱালৈও প্ৰেৰণ কৰিব পাৰে যি গুৰুত্বৰ জন্মগত বিকাৰ বিকশিত কৰিব পাৰে যেনে:
• হৃদযন্ত্ৰৰ সমস্যা
• শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি হেৰুওৱা
• বৌদ্ধিক অক্ষমতা
•যকৃত বা প্লীহাৰ ক্ষতিৰ
যেতিয়া গৰ্ভৱতী মহিলাপ্ৰথম তিনিমাহত সংক্ৰমিত হয় তেতিয়া এনে গুৰুত্বৰ জন্মগত বিকাৰ সচৰাচৰ হয়। এই জন্মগত বিকাৰবোৰক চিআৰএছ বা জন্মগত ৰুবেলা চিণ্ড্ৰোম বুলি কোৱা হয়। *গৰ্ভধাৰণৰ পৰিকল্পনা কৰাৰ 3 মাহ আগতে এমএমআৰ টিকাকৰণ(ভেকছিনেশ্বন) কৰা প্ৰয়োজন।