You are now leaving GSK’s website and are going to a website that is not operated/controlled by GSK. Though we feel it could be useful to you,we are not responsible for the content/service or availability of linked sites. You are therefore mindful of these risks and have decided to go ahead.

Agree Agree Agree Stay

প্ৰতিজন অভিভাৱকে 6 ইন 1 টিকাকৰণ বিষয়ে কি জানিব লাগিব
কম বেজী আৰু কেঁচুৱাৰ বাবে অধিক সুৰক্ষা

6-ইন-1 টিকাকৰণ কি?

6-ইন-1হৈছে এক সংমিশ্ৰণ টিকাকৰণ, যি শিশুসকলক এটা শ্বটত 6 টা ৰোগৰ পৰা সুৰক্ষিত কৰে। [ডিপথেৰিয়া, টিটেনাছ, পাৰ্টুচিছ (হুপিং কাহ), পলিঅ'মাইলাইটিছ, হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰকাৰ বি আৰু হেপাটাইটিছ বি] শিশুৱে কম বেজীৰ বিন্ধা পায়, কিন্তু প্ৰাপ্ত সুৰক্ষা পৃথক ভেকছিনৰ দৰে একে।

6 ইন 1 টিকাকৰণৰ লাভালাভবোৰ কি?

শিশুৰ বাবে লাভালাভসময়মতে সুৰক্ষা
কম বেজীৰ খোঁচ
একাধিক বেজী আৰু অসুবিধাৰ পৰা কম বিষ

পিতৃ-মাতৃৰ বাবে লাভালাভ কম অসুবিধা
শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত কম সাক্ষাৎ
কাম বা পাৰিবাৰিক কাৰ্যকলাপৰ পৰা কম সময় আঁতৰি থকা ‍

মোৰ সন্তানে কেতিয়া 6-ইন-1 টিকাকৰণ লাভ কৰা উচিত?

6-ইন-1 টিকাকৰণৰ সঠিক সময়সূচীৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।

সংমিশ্ৰণ টিকাকৰণ বনাম পৃথক ভেকছিনৰ সৈতে কোনো অতিৰিক্ত পাৰ্শ্বক্ৰিয়া আছে নেকি?

সংমিশ্ৰণ ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সাধাৰণতে পৃথকে দিয়া গাইগুটীয়া ভেকছিনৰ দৰে একে হয় আৰু প্ৰায়ে মৃদু হয়। য'ত সংমিশ্ৰণ টিকাকৰণৰ সৈতে শ্বটটো দিয়া হৈছিল তাত অলপ বেছি বিষ বা ফুলা হ'ব পাৰে। কিন্তু যদি আপোনাৰ সন্তানে ব্যক্তিগতভাৱে বেজীবোৰ পাইছিল, তেন্তে মাত্ৰ এটাৰ পৰিৱৰ্তে দুটা বা তিনিটা দাগত বিষ বা ফুলা হ'ব পাৰে। যদি আপোনাৰ সন্তানৰ কোনো ভেকছিনৰ পৰা মজলীয়া বা গুৰুতৰ পাৰ্শ্বক্ৰিয়া আছে, আপোনাৰ শিশু ৰোগ বিশেষজ্ঞক জনাব।

জি এছ কেৰ ৬ ইন ১ টিকাকৰণ সজাগতামূলক পদক্ষেপ
কেঁচুৱাক ৬ হিট কৰাত সহায় কৰিবলৈ জি এছ কে ইণ্ডিয়াৰ সজাগতামূলক পদক্ষেপত যোগদান ধোনী!

6 টা ৰোগ যিয়ে নৱজাতকক বিপদাশংকাত পেলাব পাৰে



পলিঅ'

পলিঅ' কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

পলিঅ' হৈছে ভাইৰাছৰ দ্বাৰা হোৱা এক অত্যন্ত সংক্ৰামক ৰোগ। ই স্নায়ুতন্ত্ৰ সংক্ৰমিত কৰে, আৰু পক্ষাঘাত, উশাহ লোৱাত অসুবিধা আৰু কেতিয়াবা মৃত্যুও হ'ব পাৰে। পলিঅ'ই মুখ্যতঃ 5 বছৰৰ তলৰ শিশুক প্ৰভাৱিত কৰে আৰু ই অত্যন্ত সংক্ৰামক। ই ব্যক্তিৰ পৰা ব্যক্তিলৈ মুখ্যতঃ ফেকো-মৌখিক পথৰ জৰিয়তে বা সাধাৰণ বাহকৰ দ্বাৰা বিয়পে (উদাহৰণস্বৰূপে, দূষিত পানী বা খাদ্য)। লগতে, যদি আপোনাৰ সন্তানে দূষিত হোৱা পুতলাৰ দৰে বস্তু মুখত ৰাখে, তেওঁলোক সংক্ৰমিত হ'ব পাৰে।

যদি মোৰ কেঁচুৱাটোৰ পলিঅ' হয় তেন্তে কি হ'ব?

চিডিচিৰ মতে, পলিঅ ভাইৰাছ সংক্ৰমণ থকা 4 জনৰ ভিতৰত প্ৰায় 1 জন লোকৰ ফ্লু ৰ দৰে লক্ষণ থাকিব পাৰে যাৰ ভিতৰত ডিঙিৰ বিষ, জ্বৰ, ভাগৰ, ওকালি অহা, মুৰৰ বিষ আৰু পেটৰ বিষ থাকিব পাৰে। ৰোগীৰ এটা অনুপাতত মস্তিষ্ক আৰু মেৰুদণ্ড জড়িত লক্ষণ বিকশিত হ'ব পাৰে। পক্ষাঘাত হৈছে পলিঅ'ৰ সৈতে সম্পৰ্কিত আটাইতকৈ গুৰুতৰ লক্ষণ। ইয়াৰ ফলত স্থায়ী বিকলাঙ্গতা আৰু মৃত্যু হ'ব পাৰে।

মোৰ নৱজাতকক পলিঅ'ৰ পৰা সুৰক্ষিত কৰাৰ উপায়বোৰ কি?

পলিঅ' প্ৰতিৰোধ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হৈছে টিকাকৰণ। অন্যান্য ব্যৱস্থাবোৰৰ ভিতৰত আছে সঠিক অনাময় আৰু সঠিক পৰিচ্ছন্নতা। পলিঅ'ৰ বিৰুদ্ধে টিকাকৰণৰ বিষয়ে অধিক তথ্যৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক।

ডিপথেৰিয়া

ডিপথেৰিয়া কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

ডিপথেৰিয়া হৈছে এক গুৰুতৰ বেক্টেৰিয়া সংক্ৰমণ যি সাধাৰণতে নাক আৰু ডিঙিৰ শ্লেষ্মা আৱৰণ প্ৰভাৱিত কৰে। ডিপথেৰিয়া সাধাৰণতে এইবোৰৰ জৰিয়তে বিয়পে:

- সংক্ৰমিত ব্যক্তি এজনৰ কাহ বা হাঁচিৰ পৰা নিশ্বাসৰ টোপাল।

- সংক্ৰমিত খোলা ঘা বা আলচাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক

যদি মোৰ কেঁচুৱাটো ডিপথেৰিয়াত আক্ৰান্ত হয় তেন্তে কি হ'ব?

ডিপথেৰিয়াৰ লক্ষণবোৰৰ ভিতৰত আছে দুৰ্বলতা, ডিঙিৰ বিষ, জ্বৰ আৰু ডিঙিত ফুলা গ্ৰন্থি। ডিঙিত এক ডাঠ আৱৰণ সৃষ্টি হ'ব পাৰে যাৰ ফলত বায়ুপথ অৱৰুদ্ধ হোৱা, হৃদযন্ত্ৰৰ ক্ষতি, স্নায়ুৰ ক্ষতি, হাঁওফাঁওৰ সংক্ৰমণ আৰু পক্ষাঘাতৰ দৰে জটিলতাৰ লগতে উশাহ লোৱা বা গিলিবলৈ অসুবিধা হ'ব পাৰে।

ৰোগীয়া যিকোনো ব্যক্তিৰ পৰা কেঁচুৱাক আঁতৰাই ৰখাকে ধৰি সকলো স্বাস্থ্যকৰ সাৱধানতা নিশ্চিত কৰিব লাগিব।

মই মোৰ কেঁচুৱাটোক ডিপথেৰিয়া পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ?

ডিপথেৰিয়া টিকাকৰণৰ দ্বাৰা প্ৰতিৰোধযোগ্য। ডিপথেৰিয়া ভেকছিনটো সাধাৰণতে টিটেনাছ আৰু হুপিং কাহৰ (পাৰ্টুচিছ) ভেকছিনৰ সৈতে একত্ৰিত কৰা হয়। ডিপথেৰিয়া ভেকছিনটো আন এণ্টিজেনৰ সৈতে মিহলি হৈ শৈশৱৰ টিকাকৰণৰ ভিতৰত এটা যিটো চিকিৎসকে শৈশৱকালত পৰামৰ্শ দিয়ে।

ৰোগীয়া যিকোনো ব্যক্তিৰ পৰা কেঁচুৱাক আঁতৰাই ৰখাকে ধৰি সকলো স্বাস্থ্যকৰ সাৱধানতা নিশ্চিত কৰিব লাগিব।

পাৰ্টুচিছ

পাৰ্টুচিছ কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

পাৰ্টুচিছ (হুপিং কাহ বুলিও জনা যায়) হৈছে এক অতি সংক্ৰামক শ্বাসতন্ত্ৰৰ সংক্ৰমণ যি অতি গুৰুতৰ হ'ব পাৰে, বিশেষকৈ নৱজাতক কেঁচুৱা আৰু সৰু কেঁচুৱাৰ বাবে।

পাৰ্টুচিছ সংক্ৰামক টোপালৰ দ্বাৰা বায়ুৰ মাজেৰে বিয়পে, সেয়েহে ই আন লোকৰ কাহ বা হাঁচি বা ৰোগ থকা ব্যক্তি এজনৰ ওচৰত থকাৰ দ্বাৰা সহজে সংক্ৰমিত হয়। নৱজাতকৰ বাবে পাৰ্টুচিছ সংক্ৰমণৰ মুখ্য উৎস হৈছে মাতৃসকল।

যদি মোৰ কেঁচুৱাটোৱে পাৰ্টুচিছূত আক্ৰান্ত হয় তেন্তে কি হ'ব?

পাৰ্টুচিছে 2 মাহৰ কম বয়সৰ শিশু আৰু সৰু কেঁচুৱাৰ ক্ষেত্ৰত গুৰুতৰ জটিলতা সৃষ্টি কৰিব পাৰে। কেঁচুৱা আৰু সৰু ল'ৰা-ছোৱালী পীড়িত হ'ব পাৰে আৰু উশাহ লোৱাত অসুবিধা হোৱাৰ বাবে নীলা হ'ব পাৰে।

মোৰ নৱজাতকক পাৰ্টুচিছৰ পৰা সুৰক্ষিত কৰাৰ উপায়বোৰ কি?

কেঁচুৱাটোক টিকাকৰণ কৰি পাৰ্টুচিছ প্ৰতিৰোধ কৰিব পাৰি। সৰু নৱজাতকৰ ক্ষেত্ৰত পাৰ্টুচিছ প্ৰতিৰোধ কৰাৰ অন্যান্য ৰণনীতিবোৰৰ ভিতৰত আছে মাতৃ, পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ সম্পৰ্কৰ টিকাকৰণ। অন্যান্য পদক্ষেপ বোৰৰ ভিতৰত আছে সংক্ৰমিত ব্যক্তিৰ পৰা পৃথক হোৱা। অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

টিটেনাছ

টিটেনাছ কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

টিটেনাছ হৈছে ক্লষ্ট্ৰিডিয়াম টেটানি বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক তীব্ৰ, প্ৰায়ে মাৰাত্মক ৰোগ। ইয়াক সাধাৰণ কঠিনতা আৰু কংকাল পেশীৰ সংকোচনৰ দ্বাৰা চিহ্নিত কৰা হয়।

পেশীৰ জঠৰতাত সাধাৰণতে হনু (ধনুষ্টংকাৰ) আৰু ডিঙি অন্তৰ্ভুক্ত থাকে আৰু তাৰ পিছত সমগ্ৰ শৰীৰলৈ বিয়পিব পাৰে।

বেক্টেৰিয়াৰ বীজাণুবোৰ সাধাৰণতে মাটি, ধুলি আৰু সাৰত পোৱা যায় আৰু ছালৰ ফাটৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে - সাধাৰণতে দূষিত বস্তুৰ ফলত হোৱা আঘাত কটা বা ফুটা কৰা।

যদি মোৰ কেঁচুৱাটোৱে টিটেনাছত আক্ৰান্ত হয় তেন্তে কি হ'ব?

নৱজাতকৰ টিটেনাছত, লক্ষণবোৰৰ ভিতৰত আছে পেশীৰ সংকোচন, যাৰ আগতে প্ৰায়ে নৱজাতকে স্তন্যপান কৰিব বা স্তন্যপান কৰাব নোৱাৰে আৰু অত্যাধিক কান্দে।

ডাঙৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত, ইয়াৰ ফলত হনু সংকুচিত হ'ব পাৰে, পেশী বেদনাদায়কভাৱে টান হ'ব পাৰে আৰু বন্ধ হ'ব পাৰে। ইয়াৰ ফলত হাড় ভঙা, উশাহ লোৱাত অসুবিধা, কণ্ঠনালীত সংকোচন আদি জটিলতা হ'ব পাৰে।

মোৰ নৱজাতকক টিটেনাছৰ পৰা সুৰক্ষিত কৰাৰ উপায়বোৰ কি?

টিটেনাছ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ চিডিচিয়ে টিকাকৰণ, সঠিক ঘাঁৰ যত্ন, আৰু তত্বাৱধানৰ পৰামৰ্শ দিয়ে। চিকিৎসকসকলে টিটেনাছ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ ঔষধ এটা ব্যৱহাৰ কৰিব পাৰে য'ত কোনোৱে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় আৰু টিটেনাছৰ টিকাকৰণ কৰা হোৱা নাই।

হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰকাৰ খ (এইচআইবি)

হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰকাৰ বি কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

হিমোফিলাছ ইনফ্লুৱেঞ্জা ৰোগ এইচ. ইনফ্লুৱেঞ্জা নামৰ বেক্টেৰিয়াৰ ফলত হয়।

নাম থকা স্বত্বেও, এইচ. ইনফ্লুৱেঞ্জাই ইনফ্লুৱেঞ্জা (ফ্লু) সৃষ্টি নকৰে। হিমোফিলা ইনফ্লুৱেঞ্জা প্ৰকাৰ বি (হিব) হৈছে এক বেক্টেৰিয়া যি মৃদু কাণৰ সংক্ৰমণৰ পৰা আৰম্ভ কৰি গুৰুতৰ নিউমোনিয়া, মেনিনজাইটিছ আৰু অন্যান্য আক্ৰমণাত্মক ৰোগলৈকে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণ সৃষ্টি কৰিব পাৰে যি প্ৰায় 5 বছৰতকৈ কম বয়সৰ শিশুৰ ক্ষেত্ৰত। আনৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত থাকোতে মানুহে কাহ বা হাঁচি মাৰি হিবকে ধৰি এইচ. ইনফ্লুৱেঞ্জা বিয়পাব পাৰে। আনকি ৰুগীয়া যেন নলগা লোকসকলৰো নাক আৰু কণ্ঠত বেক্টেৰিয়া থাকিব পাৰে আৰু বেক্টেৰিয়া বিয়পিব পাৰে।

যদি মোৰ কেঁচুৱাটোৱে এইচআইবিত আক্ৰান্ত হয় তেন্তে কি হ'ব?

এইচআইবিৰ ফলত হোৱা আটাইতকৈ সচৰাচৰ আক্ৰমণাত্মক ৰোগবোৰৰ ভিতৰত আছে নিউমোনিয়া, তেজৰ সংক্ৰমণ আৰু মেনিনজাইটিছ। মেনিনজাইটিছ হৈছে মস্তিষ্ক আৰু মেৰুদণ্ডৰ আৱৰণৰ সংক্ৰমণ। ই প্ৰথমতে তীব্ৰ জ্বৰ, মুৰৰ বিষ, দুৰ্বল আৰু খোৱা-বোৱাত অসুবিধা হয়।

চি.ডি.চি.-ৰ মতে, এইচআইবি আক্ৰমণাত্মক ৰোগ থকা বেছিভাগ শিশুক চিকিৎসালয়ত যত্নৰ প্ৰয়োজন। আনকিচিকিৎসাৰ সৈতে, এইচআইবি মেনিনজাইটিছ থকা 20 টা শিশুৰ ভিতৰত 1 জনৰ মৃত্যু হয়। এইচআইবি মেনিনজাইটিছৰ পৰা বাচি থকা 5 টা শিশুৰ ভিতৰত 1 জনৰ মস্তিষ্কৰ ক্ষতি হ'ব পাৰে বা বধিৰ হ'ব পাৰে।

মোৰ নৱজাতকক এইচআইবি ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উপায়বোৰ কি?

বিশ্ব স্বাস্থ্য সংস্থাই টিকাকৰণক একমাত্ৰ ৰাজহুৱা স্বাস্থ্য সঁজুলি হিচাপে পৰামৰ্শ দিয়ে যি বেছিভাগ গুৰুতৰ এইচআইবি ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম। শৈশৱৰ আৰম্ভণিতে প্ৰদান কৰিলেও এইচআইবি ভেকছিনবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী বুলি গণ্য কৰা হয়। অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাবোৰৰ ভিতৰত আছে সঠিক অনাময় আৰু সঠিক পৰিচ্ছন্নতা।

হেপাটাইটিছ বি

হেপাটাইটিছ বি কি আৰু মোৰ কেঁচুৱা কেনেদৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে?

হেপাটাইটিছ বি হৈছে তেজ আৰু শৰীৰৰ তৰলৰ জৰিয়তে বিয়পি পৰা ভাইৰাছৰ ফলত হোৱা যকৃতৰ সংক্ৰমণ। হেপাটাইটিছ বি মৃদু হ্ৰস্বম্যাদী ৰোগৰ পৰা শিশুৰ গুৰুতৰ, জীৱনজোৰা ৰোগলৈকে হ'ব পাৰে। ই প্ৰায়ে বছৰ ধৰি থাকিব পাৰে আৰু অৱশেষত যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে।

সংক্ৰমিত মাতৃয়ে জন্মৰ সময়ত সংক্ৰমণটো তেখেতৰ কেঁচুৱালৈ প্ৰেৰণ কৰিব পাৰে। হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত তেজ, বীৰ্য বা শৰীৰৰ আন তৰল সংক্ৰমিত নোহোৱা ব্যক্তিএজনৰ শৰীৰত প্ৰৱেশ কৰিলে হেপাটাইটিছ বি ভাইৰাছ বিয়পে।

যদি মোৰ কেঁচুৱাটোৱে হেপাটাইটিছত আক্ৰান্ত হয় তেন্তে কি হ'ব?

চিডিচিৰ মতে, 5 বছৰ বা অধিক বয়সৰ প্ৰায় 30%-50% লোকৰ তীব্ৰ হেপাটাইটিছ বি-ৰ লক্ষণ থাকে। 5 বছৰৰ তলৰ বেছিভাগ শিশু আৰু গুৰুতৰ স্বাস্থ্য সমস্যা থকা লোক, যেনে সংক্ৰমণৰোধ কম থকা, সাধাৰণতে লক্ষণ নাথাকে।

হেপাটাইটিছ বি-ৰ লক্ষণবোৰৰ ভিতৰত আছে ভাগৰ, জ্বৰ, ভোক নোহোৱা, ওকালি অহা, ছাল বা চকু হালধীয়া হোৱা, পেটৰ বিষ আৰু ডাঠ প্ৰস্ৰাৱ।

প্ৰায় 90% সংক্ৰমিত নৱজাতকৰ (অৰ্থাৎ 1 বছৰৰ কম বয়সৰ শিশু) দীৰ্ঘম্যাদী সংক্ৰমণ হ'ব। শিশু এটা ডাঙৰ হোৱাৰ লগে লগে বিপদাশংকা হ্ৰাস হয়। 1 ৰ পৰা 5 বছৰ বয়সৰ ভিতৰত সংক্ৰমিত প্ৰায় 25%-50% শিশুৰ দীৰ্ঘম্যাদী হেপাটাইটিছ বি হ'ব।

দীৰ্ঘম্যাদী হেপাটাইটিছ বি-ৰ ফলত যকৃতৰ ক্ষতি, চিৰোচিছ, যকৃতৰ কৰ্কট ৰোগ আৰু আনকি মৃত্যুও হ'ব পাৰে।

মোৰ নৱজাতকক হেপাটাইটিছ বি-ৰ পৰা সুৰক্ষিত কৰাৰ উপায়বোৰ কি?

চি.ডি.চি.-ৰ মতে, হেপাটাইটিছ বি প্ৰতিৰোধ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে টিকাকৰণ কৰা। সম্পূৰ্ণ সুৰক্ষাৰ বাবে শ্বটৰ শৃংখলাটো সম্পূৰ্ণ কৰাৰ প্ৰয়োজন। অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাৰ ভিতৰত আছে সংক্ৰমিত ব্যক্তিজনৰ সৈতে তেজ আৰু শাৰীৰিক সংস্পৰ্শ পৰিহাৰ কৰা। হেপাটাইটিছ বি-ৰ বিৰুদ্ধে টিকাকৰণৰ বিষয়ে অধিক তথ্যৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক।

গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ড0 এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত।

এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা একোৱেই চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসা সম্পৰ্কীয় প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এজন পেছাদাৰী আৰ্হি। এই ৰোগে আইকন/ছবি উপস্থাপন কৰে আৰু এনিমেচন কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে।

আপোনাৰ সন্তানৰ সুৰক্ষাত সাম্ভাব্য ব্যৱধানবোৰ চিনাক্ত কৰক

আপোনাৰ সন্তানে টিকাকৰণ(ভেকছিনেইশ্বন) বাদ পৰিছে নেকি চাবলৈ ব্যক্তিগত সময়ৰেখা এটা সৃষ্টি কৰক*

এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক

2021(গ) গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেড। সকলো অধিকাৰ সংৰক্ষণ
গোপনীয়তা নীতি | কুকিজ নীতি | অস্বীকাৰ

অস্বীকাৰ:
এই ৱেবছাইটটো কেৱল ভাৰতৰ বাসিন্দাসকলৰ বাবে।
ইয়াত উল্লেখ কৰা ৰোগবোৰৰ তালিকা হৈছে আই.এ.পি.-ৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ তালিকাত থকা ৰোগবোৰ (ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স) সেইবোৰৰ নিয়মীয়া আৰু কেচআপ টিকাকৰণ(ভেকছিনেইশ্বন)ৰ পৰামৰ্শত। তালিকাৰ বাহিৰতো ৰোগ থাকিব পাৰে যিয়ে শিশুটোক প্ৰভাৱিত কৰিব পাৰে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।
গ্লেক্সোস্মিথক্লাইন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ দ্বাৰা এক জনসজাগতা প্ৰচেষ্টা। ডo এনি বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত। এই সামগ্ৰীত ওলোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই সামগ্ৰীত থকা কোনোটোৱেও চিকিৎসা পৰামৰ্শ গঠন নকৰে। আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ যিকোনো চিকিৎসাজনিত প্ৰশ্ন, যিকোনো প্ৰশ্ন বা উদ্বেগৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক। টিকাকৰণ(ভেকছিনেইশ্বন)ৰ বাবে সূচিত ৰোগৰ তালিকা সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ টিকাকৰণ(ভেকছিনেইশ্বন) অনুসূচীৰ বাবে আপোনাৰ সন্তানৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। এই সামগ্ৰীত দেখুওৱা চিকিৎসকক কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু এইয়া এক পেছাদাৰী আৰ্হি।
CL কোড: NP-IN-ABX-WCNT-210003, DoP Dec 2021

শ্বেয়াৰ অন কৰক
Share
Vaccination Tracker